Parts of Speech in Assamese, Parts of Speech Definitions and Examples, What are the 8 Parts of Speech?
8 Parts of Speech
Parts of Speech :- বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো word(শব্দ) কেই Parts of Speech বোলে । যেনে-
Ram is a good boy.
ওপৰৰ বাক্যটোত He, is, a, good, boy প্ৰতিটোৱেই একো একোটা Parts of Speech.
ওপৰত উল্লেখ কৰা মতে, আমি এইটোৱেই বুজি পালো যে Parts of Speech মানে কোনো এটা বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰ হ'ব লাগিব । বেলেগ শব্দ হ'লে Parts of Speech নহয় । Parts of speech হৈছে বাক্যৰ অংশ । মুঠতে সকলো 'words' Parts of Speech নহয়, কিন্তু সকলো Parts of Speech য়েই word হয়।
Types of Parts of speech
ইংৰাজীত Parts of Speech আঠ প্ৰকাৰৰ । সেইবোৰ হ'ল -
1. Noun 2. Pronoun
3. Adjective 4. Verb
5. Adverb 6. Preposition
7. Conjunction 8. Interjection
1. Noun ( বিশেষ্য ) :- নাম বুজোৱা পদকেই Noun বোলে । মনত ৰাখিব লাগিব যে, মানুহৰ নাম, প্ৰাণীৰ নাম, জাতিৰ নাম, নদ-নদী, সাগৰ-মহাসাগৰ, বিল, পৰ্বত আদিৰ নাম, কোনো বস্তুৰ নাম, কোনো ঠাই আদিৰ নাম বুজোৱা পদবোৰক Noun বোলে । যেনে -
This is a monkey.
He is Bikash.
That is a table.
ওপৰৰ বাক্যবোৰত monkey এবিধ প্ৰাণীৰ নাম, Bikash এজন মানুহৰ নাম আৰু table এবিধ বস্তুৰ নাম । এইবোৰেই হৈছে Noun.
2. Pronoun ( সৰ্বনাম ) :- Noun ৰ সলনি ব্যৱহাৰ হোৱা word বোৰক Pronoun বোলে। যেনে-
Ram is a boy
He is very tall.
Rani is a girl.
She is beautiful.
প্ৰথম বাক্যৰ 'Ram' word টো Noun. দ্বিতীয় বাক্যত 'He' word টো 'Ram' ৰ সলনি বহিছে । ঠিক সেইদৰে, তৃতীয় বাক্যৰ 'Rani'ৰ সলনি চতুৰ্থ বাক্যত 'She' বহিছে । এই সলনি হোৱা word বোৰেই হৈছে Pronoun.
3. Adjective ( বিশেষণ ) :- যি পদে Noun ৰ দোষ-গুণ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাক Adjective বোলে । যেনে-
This is a beautiful flower.
He is a strong person.
I have three goats.
ওপৰৰ বাক্যবোৰত ব্যৱহাৰ হোৱা 'beautiful', 'strong', 'three' পদকেইটাই 'flower', 'person', আৰু 'goats' Noun কেইটাৰ আগত বহি এইবোৰৰ দোষ-গুণ, সংখ্যা আদি বুজাইছে । গতিকে এইবোৰক Adjective বোলে ।
4. Verb ( ক্ৰিয়া ) :- যিবোৰ শব্দই কোনো কাম কৰে বা বাক্য এটা সম্পূৰ্ণ কৰে, সেইবোৰক Verb বোলে । যেনে
He runs.
She plays.
Birds fly.
ওপৰৰ বাক্যবোৰত ব্যৱহাৰ হোৱা 'run', 'play', 'fly' এই প্ৰতিটো শব্দই এটা এটা কাম কৰা বুজাইছে । গতিকে এই শব্দবোৰেই হৈছে verb.
5. Adverb ( ক্ৰিয়া বিশেষণ ) :- যি পদে Verb বা Adjective ৰ দোষ-গুণ, অৱস্থা আদি বুজায় তাক Adverb বোলে । যেনে -
He walks slowly.
They sang loudly.
ওপৰৰ বাক্যবোৰত 'slowly', 'loudly' শব্দবোৰে 'walk', 'sang' আদি verb ৰ দোষ-গুণ, অৱস্থা আদি বুজাইছে । গতিকে এইবোৰক Adverb বোলে ।
6. Preposition ( অব্যয় ) :- যিবোৰ পদে Noun বা Pronoun ৰ আগত বহি বাক্যৰ আন শব্দৰ সৈতে সম্বন্ধ দেখুৱায় তাক Preposition বোলে ।
We see with our eyes.
The book is on the table.
Father bought a car for me.
ওপৰৰ বাক্যবোৰত থকা with, on, for আদি শব্দবোৰে বাক্যৰ আন শব্দৰ লগত সম্বন্ধ দেখুৱাইছে । গতিকে এই শব্দবোৰেই হৈছে Preposition. At, by, from, to, in, on, into, inside, after, before, about, under, Of, up, behind এই সকলোবোৰ শব্দই একো একোটা Preposition.
এইবোৰৰ ব্যৱহাৰ সম্পৰ্কে Preposition নামৰ chapter ত আলোচনা কৰা হৈছে ।
7. Conjunction ( সংযোজক অব্যয় ) :- যি পদে দুটা বা তাতকৈ অধিক word বা sentence সংযোগ কৰে তাক Conjunction বোলে । যেনে-
Ram and Rahim are friends.
The boy is small but strong.
He will not go if it rains.
ওপৰত উল্লেখ কৰা and, but আৰু if আদিয়ে দুটা word বা sentence ক সংযোগ কৰিছে । গতিকে এইবোৰেই হৈছে Conjunction.
8. Interjection ( ভাৱবোধক অব্যয় ) :- যিবোৰ শব্দৰ দ্বাৰা শোক, ঘৃণা, ভয়, আনন্দ, বিস্ময়, দুখ আদি প্ৰকাশ পায় সেইবোৰক Interjection বোলে। যেনে-
Hurrah ! we have won the match.
Alas ! his father is dead.
Oh ! what a joy.
ওপৰত Hurrah, Alas, Oh আদিয়ে বিস্ময়, বিষাদ, আনন্দৰ ভাৱ বুজাইছে । এইবোৰেই হৈছে Interjection.
Comments