Present Tense : Its Types | Present Tense Formula | Study Corner
The 4 Types of Present Tense and Formula :-
1. Present Indefinite Tense :- এই tense এ বৰ্তমান সময়ত অনিৰ্দিষ্টবাবে কোনো এটা কাম কৰা বা হোৱা বুজায় ।
Structure( গঠন ): - Subject + main verb (present form ) + object + extension.
Examples -
I read a book. মই এখন কিতাপ পঢ়ো ।
He reads a book. তেওঁ এখন কিতাপ পঢ়ে।
You read a book. তুমি এখন কিতাপ পঢ়া ।
Malati reads a book. মালতীয়ে এখন কিতাপ পঢ়ে ।
Present Indefinite Tense Formula/ Rules :-
------------------
a) Present Indefinite Tense ৰ Subject টো 3rd person singular number হ'লে main verb ৰ লগত “s” বা “es” যোগ কৰিব লাগে ।
মন কৰিবলগীয়া যে, I, we, আৰু you ৰ বাহিৰে আন যিকোনো subject এই 3rd person হয়৷ সেইবোৰ হয়তো singular number ও হ'ব পাৰে; নাইবা plural number ও হ'ব পাৰে । যেনে-
He (do) the work.
= He does the work. তেওঁ কাম কৰে ।
We (play) hockey.
= We play hockey. আমি হকী খেলো।
Sita (go) to school.
= Sita goes to school. সীতা স্কুললৈ যায়।
You (write) a letter.
= You write a letter. তুমি এখন চিঠি লিখা ।
Ram (work) in the field.
= Ram works in the field. ৰামে পথাৰত কাম
কৰে।
b) বৰ্তমানৰ অভ্যাসগত কাম (present habitual action) প্ৰকাশ কৰিবলৈ, নাইবা বাক্যত every, sometimes, occasionally, daily, regularly, generally, never, usually, always, weekly, monthly often, once, twice, thrice আদি থাকিলে, সেই বাক্যটো present indefinite tense ত লিখা হয় । যেনে-
He (take) his bath in the morning.
= He takes his bath in the morning. তেওঁ
ৰাতিপুৱাই গা ধুৱে ।
Hari (go) to school every day.
= Hari goes to school every day. হৰিয়ে
প্ৰত্যেক দিনাই স্কুললৈ যায়।
I (read) news paper daily.
= I read news paper daily. মই প্ৰতিদিন
বাতৰি কাকত পঢ়ো ।
The Man never (tell) a lie.
= The man never tells a lie. মানুজনে
কেতিয়াও মিছা কথা নকয় ।
This family (go) for a tour once in a
year.
= This family goes for a tour once in a
year. এই পৰিয়ালটো বছৰত এবাৰ ফুৰিবলৈ
যায় ।
She (play) chess regularly.
= She plays chess regularly. তাই দৈনন্দিন
দবা খেলে।
The bus usually (arrive) here at 8 a.m.
= The bus usually arrives here at 8 a.m.
বাছখন সাধাৰণতে ইয়াত ৰাতিপুৱা ৮ বজাত
উপস্থিত হয় ।
Raju always (read) his books.
= Raju always reads his books. ৰাজুৱে
সদায় কিতাপবোৰ পঢ়ে।
c) চিৰসত্য কথা (universal truth) প্ৰকাশ কৰিবলৈ present indefinite tense ব্যৱহাৰ কৰা হয়৷ যেনে-
Milk (be) white.
= Milk is white. গাখীৰ বগা ।
(Note : "be"= "am/is/are" in present
tense)
Ice (float) on water.
= Ice floats on water. বৰফ পানীত উপঙে ।
Man (be) mortal.
= Man is mortal. মানুহ মৰণশীল ।
The sun (rise) in the East.
= The sun rises in the East. সূৰ্য্য পূবফালে
উদয় হয় ।
Water (flow) downward.
= Water flows downward. পানী তললৈ বৈ
যায় ।
Man (die).
= Man dies. মানুহ মৰে।
Birds (fly).
= Birds fly. চৰাই উৰে ।
Blood (be) red.
= Blood is red. তেজ ৰঙা ।
The sun (set) in the West.
= The sun sets in the West. সূৰ্য্য পশ্চিমফালে মাৰ
যায়।
d) অৱস্থান (location) বা স্থিতি বুজাবলৈ present indefinite tense ব্যৱহাৰ কৰা হয় । যেনে-
Guwahati (stand) on the bank of the
Brahmaputra.
= Guwahati stands on the bank of the
Brahmaputra. গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পাৰত
অৱস্থিত ।
The river Brahmaputra (originate) from
the mountain of the Himalayas.
= The river Brahmaputra originates from
the mountain of the Himalayas. ব্ৰহ্মপুত্ৰ
নদীখন হিমালয় পৰ্বতৰ পৰা সৃষ্টি হৈছে ।
The road (run) from Guwahati to
Shillong.
= The road runs from Guwahati to
Shillong. এই ৰাস্তাটো গুৱাহাটীৰ পৰা
শ্বিলঙলৈ গৈছে ।
e) কবি বা লিখকৰ উদ্ধৃতি (quotations/sayings) বোৰ present indefinite tense ত প্ৰকাশ কৰা হয় । যেনে-
Shakespeare(say), “All that gletters is
not gold.”
= Shakespeare says, “All that gletters is
not gold.” শ্বেকচপিয়েৰে কয়, “সকলো
চিকমিকিয়া বস্তুৱেই সোণ নহয়।”
Mahatma Gandhi (say), "Hate the sin,
love the sinner."
= Mahatma Gandhi says, "Hate the sin,
love the sinner." মহাত্মা গান্ধীয়ে কয়,
“পাপক ঘৃণা কৰা, পাপীক মৰম কৰা।”
Hazarat Mohammad (s) (say), “AMuslim should pray five times in a day.”
= Hazarat Mohammad (s) says, “A Muslim should pray five times in a day.”
হজৰত মহম্মদ (ছঃ) এ কয়, “মুছলমানে দিনত পাঁচবাৰ উপাসনা কৰিব লাগে ।”
f) কৈ থকা মুহূর্তত হৈ থকা কার্যবােৰৰ বিষয়ে বর্ণনা কৰিবলৈ Present Continuous Tense ৰ পৰিবৰ্তে Present Indefinite Tense ব্যৱহাৰ কৰিব পাৰি। কিন্তু এনে ধৰণৰ বাক্যবােৰ সাধাৰণতে Exclamatory form অত থাকিব লাগে। Present Indefinite Tense ৰ এই ব্যৱহাৰটোক actual present বুলি কোৱা হয়।
Examples:
See, it rains! চোৱা, বৰষুণ দি আছে।
Look, how the oldman works! দেখা, কেনেকৈ বুঢ়া মানুহজনে কাম কৰি আছে।
Here comes the little boy! কণমানি লৰাটো আহি আছে।
There goes our captian! আমাৰ দলপতিজন গৈ আছে।
g) Whenever আৰু When ৰ লগত Simple Present Tense ৰ ব্যৱহাৰ কৰিব লাগে । যেনে-
Whenever it rains, the roof leaks.
When you open the window, a light
goes on.
Whenever he comes, he stays here for
a day.
When he comes here, he brings fruits.
“more rules coming soon”
______________________________________________
Present Continuous Tense Definition and Formula :-
Present Continuous Tense :- এই tense এ বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বা কৰি থকা বুজায়।
Structure :- Sub. + be verb(am/is/are) + main verb + ing + obj.+ ext.
যেনে-
He is doing the work. তেওঁ কাম কৰি আছে
I am playing football. মই ফুটবল খেলি আছো ।
They are flying kites. সিহঁতে চিলা উৰাই আছে ।
Present Continuous Tense Rules :-
-----------------
a) বাক্যত now, today, presently, at present
আদি থাকিলে, সেই বাক্যটো present continuous tense ত লিখা হয় । যেনে-
I (go) to Barpeta now.
= I am going to Barpeta now. মই এতিয়া
বৰপেটালৈ গৈ আছো ।
She (drive) a new car today.
= She is driving a new car today. আজি
তাই এখন নতুন গাড়ী চলাই আছে ।
We (wait) for a bus presently.
= We are waiting for a bus presently.
বৰ্তমানে আমি এখন বাছৰ বাবে ৰৈ আছো ।
The boy (read) a book at present.
= The boy is reading a book at present.
ল'ৰাজনে বৰ্তমান এখন কিতাপ পঢ়ি আছে ।
b) আদেশসূচক বাক্য ( Imperative Sentence ) বা এটা কাম বাধাপ্ৰাপ্ত হৈ আন এটা কাম চলি থকা বুজালে, বাধা হোৱা কামটো present indefinite tense আৰু চলি থকা কামটো present continuous tense হয় । যেনে-
Don't go there, they (kill) a tiger.
= Don't go there, they are killing a tiger.
তাতে নাজাবা, সিহঁতে এটা বাঘ মাৰি আছে ।
Don't make a noise, the baby (sleep).
= Don't make a noise, the baby is
sleeping. গণ্ডগোল নকৰিবা, কেচুৱাটো শুই
আছে ।
Wait for a minute, I (open) the door.
= Wait for a minute, I am opening the
door. এক মিনিট ৰ'বা, মই দুৱাৰখন খুলি
আছো।
c) নিকট ভৱিষ্যত (near future) ৰ কাম প্ৰকাশ
কৰিবলৈ Present Continuous Tense ৰ ব্যৱহাৰ কৰা হয়৷ এনে ক্ষেত্ৰত সাধাৰণতে (am/is/are) going to + verb ৰ ব্যৱহাৰ কৰা হয়৷ যেনে-
He (go) to apply for the post.
= He is going to apply for the post.
তেওঁ চাকৰিটোত দৰখাস্ত কৰিবলৈ ওলাইছে ।
It (go) to rain soon.
= It is going to rain soon.
সোনকালে বৰষুণ দিবহি ।
The girl (go) to do sums.
= The girl is going to do sums.
ছোৱালীজনীয়ে অংক কৰিবলৈ ওলাইছে ।
d) Now, at present,donot, cannot, because, etc.বাক্যত থাকিলে তেনে বাক্যৰ verb ত Present Continuous Tense ব্যৱহাৰ কৰিব লাগে।
যেনে -
The child (cry) because it is hungry.
(H.S. 2nd year-1991)
= The child is crying because it is hungry,
Father (read) a newspaper now. (H.S. 2nd year-1998)
= Father is reading a newspaper now.
The boy (sleep), donot disturb him. (H.S. 2nd year-2000)
= The boy is sleeping, donot disturb him.
Wait a minute, he (come)
= Wait a minute, he is coming.
He (sleep) and cannot meet you now.
= He is sleeping and cannot meet you now.
Hurry up, the taxi (wait)
= Hurry up, the taxi is waiting.
He cannot go out, he (read)
= He cannot go out, he is reading.
You (write) now, aren't you? (H.S. 2nd year-1990)
= You are writing now, aren't you?
d) ইংৰাজীত কিছুমান Non conclusive verb আছে যেনে- be, see, know, hear, understand, notice, hate, feel, realise, wish, desire, expect, smell, think, recognise, love, look etc.-এই verb বােৰ সাধাৰণ অৰ্থত Present Continuous Tense ত ব্যৱহাৰ নহয়। ইইত Present Indefinite Tense ত ব্যৱহাৰ হৈ Present Continuous Tense ৰ অর্থ কৰে।
যেনে -
We see a bird in the sky.
আকাশত আমি এটা চৰাই দেখিছোঁ।
I understand your lecture.
মই আপােনাৰ বক্তব্য বুজিছে।
We know you. আমি তােমাক চিনি পাওঁ।
She wants my help.
তাই মােৰ সহায় বিচাৰিছে।
The old lady looks pale.
বৃদ্ধ মহিলাজনীক শেতা পৰা দেখা গৈছে।
I hear a strange sound.
মই এটা অদ্ভূদ শব্দ শুনিছোঁ।
I feel very cold. মই বৰ ঠাণ্ডা অনুভৱ
কৰিছে।
More Rules Coming Soon
_____________________________________________
Present Perfect Tense Definition :-
Present Perfect Tense :- এই tense এ বৰ্তমান সময়ৰ অলপ আগত বা এইমাত্ৰ কোনো এটা কাম শেষ হোৱা বুজায়৷
Structure :- sub.+ have/has + main verb
(past participle form) + obj.+ ext.
যেনে-
I have finished the work.
মই কামটো শেষ কৰিলো।
He has eaten rice.
তেওঁ ভাত খালে।
They have played cricket.
সিহঁতে ক্ৰিকেট খেলিলে।
Present Perfect Tense Rules :-
------------------
a) বাক্যত already, just, just now, several times, recently, lately, never, so far, ever, upto now, আদি থাকিলে, সেই বাক্যটো present perfect tense ত লিখা হয়৷ যেনে-
The boy already (post) the letter.
= The boy has already posted the letter.
লৰাজনে ইতিমধ্যে চিঠিখন ডাকত দিলে ।
I (receive) the money just now.
= I have received the money just now.
মই এইমাত্ৰ টকাখিনি পালো।
She just (arrive) at the station.
= She has just arrived at the station.
তাই এইমাত্ৰ ষ্টেচন পালেহি ।
Recently the price of patrol (go) up.
= Recently the price of patrol has gone
up. অলপতে পেট্ৰলৰ দাম বাঢ়ি গ'ল ।
Have you ever seen the Tajmahal?
তুমি কেতিয়াবা তাজমহল দেখিছানে ?
I never (see) the Tajmahal.
= I have never seen the Tajmahal.
মই কেতিয়াও তাজমহল দেখা নাই ।
b) বাক্যত since, for, yet থাকিলে আৰু সেই বাক্যটো যদি negative হয়, তেন্তে সেই বাক্যটো
present perfect tense ত লিখা হয়৷ বাক্যৰ অৰ্থ “কৰা নাই,দেখা নাই,যোৱা নাই,খোৱ নাই ”
এনেকুৱা হয়৷ যেনে-
Ram (not receive) any letter from Rajen
since last year.
= Ram has not received any letter from
Rajen since last year.
যোৱা বছৰৰ পৰা ৰামে ৰাজেনৰ পৰা কোনো
চিঠি পোৱা নাই ।
It (not rain) for a month.
= It has not rained for a month.
এমাহ ধৰি বৰষুণ দিয়া নাই ।
I (not see) a tiger yet.
= I have not seen a tiger yet.
মই এতিয়ালৈকে এটা বাঘ দেখা নাই ।
More Rules Coming Soon
______________________________________
Present Perfect Continuous Tense Definition :-
Present Perfect Continuous Tense :- এই
tense এ অতীতত কোনো এটা কাম আৰম্ভ হৈ
বৰ্তমানৰ বহু সময়লৈকে চলি থকা বা কৰি থকা বুজায় ।
Structure :- sub.+ have/has + been + main verb + ing + obj.+ ext.
যেনে :-
They have been playing football.
সিহঁতে ফুটবল খেলিয়েই আছে ।
He has been reading a novel.
তেওঁ এখন উপন্যাস পঢ়িয়েই আছে ।
Present Perfect Continuous Tense Rules :-
--------------
a) বাক্যত since বা for থাকিলে আৰু সেই বাক্যটো যদি Affirmative হয়, তেন্তে বাক্যটো Present Perfect Continuous Tense ত লিখা হয়৷ যেনে-
His father (work) in this school for last
10 years.
= His father has been working in this
school for last 10 years.
তেওঁৰ দেউতা এইখন বিদ্যালয়ত যোৱা ১০
বছৰ ধৰি কাম কৰি আছে ।
We (live) in this village since 1996.
= We have been living in this village since
1996.
১৯৯৬ চনৰ পৰা আমি এইখন গাঁৱত বাস
কৰি আছো ।
It (rain) since morning.
= It has been raining since morning.
ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে ।
Comments