Future Tense :- Its Types | Future Tense Rules | Study Corner
Types of Future Tense : Definition :-
Future Indefinite Tense :- এই tense এ ভৱিষ্যতত বা আগলৈ অনিৰ্দিষ্টভাবে কোনো এটা কাম কৰা হ'ব এনে অৰ্থ বুজায় ।
Structure :- sub + shall/will + main verb
(present form) + obj + ext.
যেনে-
I shall go to market.
মই বজাৰলৈ যাম ।
He will read a book.
তেওঁ এখন কিতাপ পঢ়িব ।
They will play. সিহতে খেলিব ।
Future Indefinite Tense Rules :-
a) বাক্যত tomorrow, shortly, next(day, week, month, year, Sunday, Monday etc.) থাকিলে, সেই বাক্যটো future indefinite tense ত লিখা হয়৷ যেনে-
He (give) me some money tomorrow.
= He will give me some money tomorrow.
তেওঁ অহা কালি মোক অলপ টকা দিব ।
I (pass) in the H.S. Examination next year.
= I shall pass in the H.S. Examination next year.
মই অহাবছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ম ।
They (go) to Barpeta next Monday.
= They will go to Tezpur next Monday.
সিঁহতে অহা সোমবাৰে তেজপুৰলৈ যাব ।
b) বাক্যত if, till, until, unless, when, before, as soon as, even if, as, in case, আদি থাকিলে, সেই বাক্যটোৰ দুটা অংশ থাকে তাৰে এটা অংশ present indefinite tense আৰু আনটো অংশ future indefinite tense হয় । যেনে-
If he comes I (go).
= If he comes I shall go.
যদি তেওঁ আহে মই যাম ।
Unless you study hard, you (fail) in the
examination.
= Unless you study hard, you will fail in the examination.
কঠোৰ অধ্যায়ন নকৰিলে তুমি পৰীক্ষাত অকৃতকাৰ্য্য হ'বা ।
I shall do this when she (come).
= I shall do this when she comes.
যেতিয়া তাই আহে মই এইটো কৰিম ।
We shall move as soon as the taxi (arrive).
= We shall move as soon as the taxi
arrives.
টেক্সি অহাৰ লগে লগে আমি গুচি যাম ।
I (finish) my work before he comes.
= I shall finish my work before he comes.
তেওঁ অহাৰ আগতে মই মোৰ কাম শেষ কৰিম।
________________________________________
Future Continuous Tense :- এই tense এ
ভৱিষ্যত কালত কোনো এটা কাম কৰি থাকিব বা চলি থাকিব এনে অৰ্থ বুজায় ।
Structure :- sub + shall/will + be + main
verb + ing + obj + ext.
যেনে-
I shall be playing carrom.
মই কেৰম খেলি থাকিম ।
They will be going to Delhi with me.
সিহঁতে মোৰ লগত দিল্লী গৈ থাকিব ।
We shall be waiting for you till tomorrow morning.
অহাকালি ৰাতিপুৱালৈকে আমি তোমাৰ কাৰণে অপেক্ষা কৰি থাকিম ।
_________________________________________
Future Perfect Tense :- এই tense এ ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময়ৰ আগেয়ে কোনো এটা কাম কৰা বা শেষ হোৱা বুজায় ।
Structure :- sub + shall/will + have + main verb(past participle form) + obj + ext.
যেনে-
They will have reached home before it rains.
বৰষুণ দিয়াৰ আগতে সিহঁতে ঘৰ পাব ।
He will have finished his lessons before the examination starts.
পৰীক্ষা আৰম্ভ হোৱাৰ আগতে তেওঁ পঢ়া শেষ কৰিব ।
They will have started their journey before the month of January begins.
জানুৱাৰী মাহ আৰম্ভ হোৱাৰ আগতে সিহঁতে
ভ্ৰমণ আৰম্ভ কৰিব ।
_____________________________
Future Perfect Continuous Tense :- এই tense এ ভৱিষ্যত কালত কোনো সময়ৰ মাজত কোনো এটা কাম চলি থাকিব এনে অৰ্থ প্ৰকাশ কৰে ।
Structure :- sub + shall/will + have + been + main verb + ing + obj + ext.
যেনে :-
I shall have been doing the work until my mother comes.
মোৰ মা অহালৈকে মই কামটো কৰি থাকিম ।
He will have been reading the book.
তেওঁ কিতাপখন পঢ়ি থাকিব ।
Comments