Articles : Articles A, An, The Rules with Examples, Articles A, An, The Rules Assamese

 Articles a an the Rules in Assamese
 

⭐⭐⭐ Articles :- A, An, The - এই তিনিটাক Articles বোলে ।

      Article দুই প্ৰকাৰৰ---

1. Indefinite Article 

2. Definite Article

1. Indefinite Article :- A আৰু An কোনো Noun ৰ আগত বহি তাক সাধাৰণভাৱে বুজায় বাবে ইহঁতক Indefinite Article বোলে ।

2. Definite Article :- The কোনো Noun ৰ আগত বহি তাক নিৰ্দিষ্টকৈ বুজায় বাবে ইয়াক Definite Article বোলে ।

      Articles A, An, The Rules with Examples :-

      Rules of A, An :-

1. কোনো Consonant ৰে আৰম্ভ হোৱা Word ৰ আগত A বহে । আনহাতে, কোনো Vowel ( a, e, i, o, u ) ৰে আৰম্ভ হোৱা Word ৰ আগত An বহে ।

যেনে - 

a man, a boy, a tiger, an apple, an egg, 

an umbrella, an ink-pot, etc.

2. Vowel ৰে আৰম্ভ হোৱা Word ৰ উচ্চাৰণ যদি ইউ ( yu ) বা ওৱা ( wa ) ৰ দৰে হয় তেন্তে তাৰ আগত A বহে । যেনে-

a union, a European boy, a university, a one rupee note, a urinal, a one eyed man, etc.

3. কোনো সংক্ষিপ্ত নাম ( Short Abbrevia- -tion ) Consonant ৰে আৰম্ভ হলেও উচ্চাৰণ যদি স্বৰ ধ্বনি ( Vowel Sound ) হয় তেন্তে তাৰ আগত An বহে । যেনে-

An M.L.A., an M.P., an M.B.B.S., an H.E. School, an M.A. কিন্তু a B.A. etc.

4. কোনো Consonant ৰে আৰম্ভ হোৱা Word ৰ উচ্চাৰণত যদি প্ৰথম আখৰটো লুপ্ত থাকি Vowel Sound ৰে উচ্চাৰিত হয় তেন্তে তাৰ আগত An বহে । যেনে-

An hour, an honest boy, an honorable person, an heir, etc.

Rule :- সাধাৰণতে proper noun ৰ আগত  A/An প্ৰয়োগ নহয় । কিন্তু কেকিয়াবা proper noun ৰ আগত A/An ৰ প্ৰয়োগ কৰিব পৰা যায়। যেনে :-

This poem is written by a Rakesh.

This story is written by a Pranjal.

   Rakesh or Pranjal, proper noun হয়, যেতিয়া বক্তাৰ বাবে অপৰিচিত হয়, তেতিয়া তাৰ আগত প্ৰয়োগ কৰা A/An ৰ অৰ্থ 'কোনোবা ৰাকেশ্ব অথবা কোনোবা প্ৰান্জল' হয় । এই কবিতা বা সাধুখন কোনোবা ৰাকেশ্ব, প্ৰান্জল নামৰ ব্যক্তিয়ে লিখিছে, যিজন বক্তাৰ বাবে অপৰিচিত ।

Rule :- Exclamatory বাক্যত What শব্দৰ পিছত Singular, Countable Noun বোৰৰ আগত A/An প্ৰয়োগ কৰা হয় । যেনে :-

What a beautiful girl !

What a grand building !

Rule :- কোনো বৃত্তিবাচক (Profession) Noun ৰ আগত A/An ৰ ব্যৱহাৰ কৰা হয় । যেনে :-

He is an MLA/MP/SDO.

She is a manager.

He is a cobbler.

Raju is an engineer.

Rule :- যদি কোনো verb, noun হিচাপে ব্যৱহাৰ তেন্তে তাৰ আগত A/An ৰ ব্যৱহাৰ কৰা হয় ।
যেনে :-
He goes for a walk every morning.

She had gone for a ride.

I want to have a rest/a drink.

    ওপৰত walk, ride, rest, drink প্ৰতিটোয়ে একো একোএকোটা verb, কিন্তু noun হিচাপে ব্যৱহাৰ হোৱা বাবে প্ৰত্যেকৰে আগত a হৈছে।

Rule :- many, rather, quite, such আদি শব্দৰ পিছত যদি singular noun হয়, তেন্তে তাৰ আগত a/an ৰ ব্যৱহাৰ কৰা হয় । যেনে :-

It is rather a pity, I say.

It was quite an impossible task.

Many a woman would welcome such a chance.
Rule :- যদি adjective ৰ আগত so, as, too, how, quite আদি থাকে, তেন্ত সেই adjective ৰ পিছত a/an ৰ ব্যৱহাৰ কৰা হয় । যেনে :-

Ratul is not so big a fool as you think.

It is too heavy a parcel for me to carry.

She is as beautiful a girl as you are ever likely to meet.

Rule :- কিছুমান বিশেষ phrases বোৰৰ লগত a/an ৰ ব্যৱহাৰ কৰা হয় । যেনে :-
In a fix, in a hurry, in a nutshell, make a noise, make a foot, keep a secret, as a rule, at a discount. at a stone's throw, a short while ago, at a loss, take a fancy to, take an interest in, to have a drink, go for a walk, have a good education, make a foot, tell a lie, take a bath, half a kilo, a matter of chance.

He has a good knowledge of Sanskrit.

Never tell a lie.

I am going to take a bath.

It is a pity.

Do not make a noise.

Twelve inches make a foot.

Articles: A/An and One-Difference

Note :- A/An হল Articles, আনহাতে One হল এটা Adjective.

Rule :- Hundred, Thousand, Million, Billion cte. ৰ আগত 'a' ব্যৱহাৰ কৰিলে 'one' ব্যৱহাৰ কৰাতকৈ বেছি সঠিক বুলি বিবেচনা কৰা হয়।

100= a hundred, 1000= a thousand, 100000=A hundred thousand.

আমি A hundred one ৰ পৰা a hundred and ninety nine তথা A thousand one ৰ পৰা a thousand and ninery nine লৈকে 'a' ৰ ব্যৱহাৰ কৰিব পাৰি । কিন্তু 1160= One thousand one hundred sixty ৰ ক্ষেত্ৰত 'one' অৰেই ব্যৱহাৰ কৰিব লাগে ।

Note :- প্ৰতি দিন, প্ৰতি সপ্তাহ, প্ৰতি কিল' দামৰ  ক্ষেত্ৰত 'a' article অৰেই ব্যৱহাৰ কৰা হয়, 'one' নহয়। যেনে :-

Sixty rupees a kilo, Rs, five thousands a week, four times a day. Sixty kilometres an hour. Ten rupeesa dozen.

এনেক্ষেত্ৰত A/An ৰ ঠাইত one ৰ ব্যৱহাৰ কৰিব পৰা নাযায়।

Note :-  'a' আৰু 'one',  noun ৰ লগত ব্যৱহাৰ কৰিলে ভিন্ন ভিন্ন অৰ্থ হয়। A/an ৰ অৰ্থ any বা every ও হব পাৰে। যেনে :-

One screw driver is not enough.

(We need two or more screw drivers.)

A screw driver is a useful tool.

(Screw drivers are useful tools.)

Note :- 'one', another/other ৰ লগত ব্যৱহাৰ কৰিব পৰা যায়, কিন্তু 'a' ৰ ব্যৱহাৰ কৰিব পৰা নাযায় । যেনে :-

One student wants to read, another wants to play.

One day he came early, another day he was very late.

Note :- 'One'শব্দটো day/week/month/year/ summer / winter etc. অথবা কোনো মাহ/দিনৰ নামৰ আগত ব্যৱহাৰ কৰা হয়, যদিহে সেই দিন বা সময়ত ঘটা কোনো ঘটনাৰ উল্লেখ থাকে । যেনে :-

One night there was a terrible storm.

One day a tiger entered our house.

One winter the snow fell early.

Rule :- 'A/An' ৰ pronoun হিচাপেও 'One' ৰ ব্যৱহাৰ কৰিব পৰা যায় । যেনে :-

Did you get a ticket? Yes, I managed to get one.

   'One' ৰ বহুবচন (plural) ৰ ক্ষেত্ৰত some ব্যৱহাৰ কৰা হয় । যেনে :-

Did you get tickets? Yes, I managed to get some.

Correct Use of  A/An :-

(1) An hour.

(2) An hourly meeting.

(3) An hour's daybreak.

(4)An honour.

(5) An honorary post.

(6) An honourable person.

(7) An honest man.

(8) An heir.

(9) An honorarium.

(10) A house.

(11) A historical fair.

(12) A humble person.

(13) A husband.

(14) A heinous crime.

(15) A young man.

(16) A ewe.

(17) A university.

(18) A unity.

(19) A union.

(20) A eulogy.

(21) A one rupee note.

(22) A one eyed man.

(23) A uniform.

(24) A useful book.

(25) A useful feature.

(26) A unique decision.

(27) A united front.

(28) A unified plan.

(29) A USA ally.

(30) A year.

(31) An F.O.

(32) A forest officer.

(33) An M.P./M.L.C.

(34) A Member of Parliament.

(35) An IAS / IPS / ILO.

(36) An SP / SDO.

(37) An M.A./M.Sc./M.Com.

(38) An RTS / RTC / RO.

(39) An RC worker.

(40) A U.K. ship/European.

       Rules of The :-


5. কোনো মানুহ, জীৱ-জন্তু, বস্তু আদিক নিৰ্দিষ্টকৈ বুজাবলৈ The ৰ ব্যৱহাৰ কৰা হয় । যেনে -


The man was his brother.

The baby is crying.

I bought the pen yesterday.


6. যিটো বস্তু এই পৃথিৱীত মাত্ৰ এটাই আছে তাৰ আগত The বহে । যেনে-

The earth, the sun, the moon, the sky, the North Pole, etc.


7. Superlative Degree আৰু ক্ৰম বুজোৱা ( first, second, third,) Word ৰ আগত The বহে । যেনে-


She is the most beautiful girl in my village.

He is the first boy in our class.

February is the second month of the year.

8. কোনো শ্ৰেণী বা জাতি বুজাবলৈ The বহে । যেনে-


The tiger lives on flesh.

The cow gives us milk.

The Indians speak Hindi.


9. কোনো ভাষাৰ নামৰ পিছত language আৰু ঋতুৰ নামৰ পিছত season শব্দটো উল্লেখ থাকিলে তাৰ আগত The বহে । যেনে-


The English language is not easy to learn.

It is the summer season.

I like the spring season.


10. সাগৰ, মহাসাগৰ, নদী, জাহাজ, দ্বীপপুঞ্জ, ধৰ্ম গ্ৰন্থ, বুৰঞ্জী প্ৰসিদ্ধ ঘটনা, প্ৰসিদ্ধ অট্টালিকা, বাতৰি কাকত, পৰ্বত শ্ৰেণী, বাদ্যযন্ত্ৰ, বিখ্যাত যান-বাহন, ট্ৰেইন, চাৰি দিশ আদিৰ নামৰ আগত The বহে । যেনে-


The Brahmaputra, the Pacific Ocean ( প্ৰশান্ত মহাসাগৰ ), the Atlantic Ocean, the Ramayana, the Quran, the Bible, the Assam Tribune, the Dainik Axom, the north, the south, the guitar, the violin, the Sepoy Mutiny ( চিপাহী বিদ্ৰোহ ), the First World War, the Titanic, the Rajdhani Express, the Saraighat Express, the Tajmahal, the Kutub Minar, the Red Fort ( লালকিল্লা ) etc.


11. কোনো সংক্ষিপ্ত নাম( Short Abbrevia- -tion ) ৰে লিখা দেশ, সংস্থা আদিৰ নামৰ আগত The বহে । যেনে-


The U.K., the U.S.A., the U.N.O., the W.H.O. the U.A.E. etc.


Note :- মানুহৰ নামৰ আগত কোনো Article নহয় । কিন্তু কিছুমান বিশেষ অৰ্থত Article ব্যৱহাৰ হয়। যেনে -

He is the Shakespeare of India.


            ( More rules Coming Soon )

Comments

If you have any doubt, please let me know

JAds

Archive

Contact Form

Send