Verb and Its Definition in Assamese : Types of Verb with Examples

 

Verb and Its Definition in Assamese : Types of Verb
      Verb in Assamese | Definition of Verb



   The Verb :- Verb (ক্ৰিয়া) শব্দটো Latin শব্দ Verbum শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল a word (এটা শব্দ) । Verb ৰ দ্বাৰা কাম এটা কৰা বা হোৱাটো স্পষ্ট হয় । কোনো এটা বাক্য Verb নোহোৱাকৈ সম্পূৰ্ণ হব নোৱাৰে । Verb হ'ল বাক্যৰ এক অতি গুৰুত্বপূৰ্ণ অংশ ।


            Definition of Verb :-


    Verb is a word or group of words that expresses an action (such as eat), an event (such as happen) or a state (such as exist).
                      Oxford Dictionary


⭐⭐⭐ Verb ৰ Concept টো Parts of Speech ত আলোচনা কৰা হৈছে ।



Verb ৰ প্ৰকাৰ সমূহ তলত দিয়া হ'ল -


1. Transitive Verb    2. Intransitive Verb


3. Finite Verb            4. Non-finite Verb


5. Auxiliary Verb     6. Principal Verb


7. Verbs of Incomplete Predication


8. Reflexive Verbs     9. Impersonal Verb


10. Factitive Verb     11. Causative Verb


12. Inchoative Verb   13. Non-conclusive Verb


14. Strong Verbs        15. Weak Verbs


Transitive Verb ( সকৰ্মক ক্ৰিয়া ) :- যি Verb ৰ Object থাকে, তাক Transitive Verb বোলে ।


Ram plays football. ( “football” object )


He reads a book. ( “a book” object )


⭐⭐⭐ [ Verb ক what (কি) বা whom (কাক) বুলি প্ৰশ্ন কৰিলে আমি যি উত্তৰ পাওঁ সেইটোৱেই Object.]



Intransitive Verb ( অকৰ্মক ক্ৰিয়া ) :- যি Verb ৰ Object নাথাকে, তাক Intransitive Verb বোলে । যেনে-


He is going to school. ("to school" is not object )


She walks on the road.(“on the road” is not object)



Finite Verb ( সমাপিকা ক্ৰিয়া ) :- যি Verb এ বাক্য শেষ কৰা বুজায়, তাক Finite Verb বোলে । নাইবা, যি Verb ৰ ৰূপ tense আৰু subject ৰ Number আৰু Person অনুসৰি পৰিবৰ্তন হয়, তাক Finite Verb বোলে । যেনে -


He goes to school every day.(“goes” is finite verb)


They play cricket in the field.(“play” is finite verb)


Non-finite Verb ( অসমাপিকা ক্ৰিয়া ) :- যি Verb এ বাক্য শেষ কৰা নুবুজায়, তাক Non-finite Verb বোলে । নাইবা, যি Verb ৰ ৰূপ বাক্যত সদায় একে থাকে; অৰ্থাৎ tense আৰু subject ৰ Number আৰু Person অনুসৰি পৰিবৰ্তন নহয়, তাক Non-finite Verb বোলে । যেনে -


The boy went home and began to work.(“work” is N.F.V.)


Coming home, he began to work.(“coming”, “work” are N.F.V.)



Principal Verb ( মুখ্য ক্ৰিয়া ) :- যি Verb এ আন Verb ৰ সহায় নোলোৱাকৈ বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব পাৰে নাইবা যেতিয়া বাক্যত মাত্ৰ এটা Verb থাকে সেই Verb ক Principal Verb বোলে । যেনে-


I read.


She plays.


They go to school.



Auxiliary Verb ( সহায়কাৰী ক্ৰিয়া ) :- যি Verb এ আন Verb ক সহায় কৰে বা যি Verb এ Principal Verb ৰ সহায় নোপোৱাকৈ বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই Verb ক Auxiliary Verb বোলে । যেনে-


They will go. I shall play.


⭐⭐⭐ Auxiliary Verb ৰ সংখ্যা মুঠ 24 টা ---


Be verb = am, is, are, was, were.


Do verb = do, does, did.


Have verb = have, has, had.


shall, should, will, would, can, could,
may, might, must, need, dare, used to,
ought to.


Verbs of Incomplete Predication : যিবোৰ verb ৰ অৰ্থ সম্পূৰ্ণ কৰিবলৈ আন যিকোনো word or words যোগ দিব লাগে, তেনে Verb অক Verb of Incomplete Predication বােলে। যেনে—


He seems to be happy.


We made him our captain.


They elected APJ Abdul Kalam the President of India.


⭐⭐⭐ এনেদৰে, Verb ৰ পিছত যােগ হােৱা word or words ক Complement বোলে । এই Complement এ Subject ক describe কৰিলে তাক Subjective Complement বােলে আৰু Object অক describe কৰিলে তাক Objective Complement বােলে। যেনে :-


The boys look happy today.


The subjects chose him the king of the state.



Reflexive Vrbs : যি Verb এ একেজন ব্যক্তিক বা একেটা বস্তুকে ইয়াৰ Subject আৰু Object হিচাপে গ্ৰহণ কৰে, তেনে Verb ক Reflexive verb বােলে। যেনে—


The man killed himself.


The students absented themselves.


The dog hid itself.


Shakespeare taught himself.


Impersonal Verbs : যি Verb ৰ নির্দিষ্ট কোনাে Subject নাথাকে আৰু subject হিচাপে It বা There ৰ ব্যৱহাৰ হয়, তেনে Verb ক Impersonal Verbs বোলে । যেনে :-


It rains heavily in June.


There are 50 students in our class.



Factitive Verbs : যি Verb ৰ অর্থ সম্পূর্ণ কৰিবলৈ Object ৰ ওপৰিও আন শব্দ বা শব্দ সমষ্টি যােগ দিব লাগে, তাক Factitive Verb বােল। যেনে—


They called him a hero.


They elected him their chairman.


We selected Raju the captain of our class.



Causative Verbs (পাচনি ক্রিয়া) ঃ যি Verb এ আনক পাচি কোনাে কাম কৰা বুজায়, তাক Causative Verb বােলে। যেনে—


We made him sweep the room.


I got the girl do the work.


The mother walks the child.


Inchoative Verbs : যি Verb এ এটা পৰিবৰ্তিত অৱস্থাৰ সূচনা কৰা বুজায় তাক Inchoative Verb বােলে। যেনে—


He is getting bald. - সি তপা হ’ব ধৰিছে।


The boy is growing handsome day by day.
ল'ৰাটো দিনে দিনে ধুনীয়া হ'ব ধৰিছে।


⭐⭐⭐ Some inchoative Verbs - become, come, go, get, grow, turn etc.



Non-Conclusive Verbs : যি Verb এ অনুভূতি বা সম্পর্ক প্রকাশ কৰে, তাক Non-Conclusive Verb বােলে। এই Verb বােৰ সাধাৰণতে Continuous tense অত ব্যৱহাৰ নহয়। এইবােৰ সাধাৰণতে Indefinite tense অত ব্যৱহাৰ হয়। যেনে :-
The girl appears ill.


The rose smells sweet.


Rahul seems to be intelligent.


⭐⭐⭐ Some Non-Conclusive Verbs : agree, appear, believe, know, love, hate, mind, see, remember, be, hear, understand, notice, feel, realise, wish, desire, expect, smell, recognise, think, look etc.



Strong Verbs: যিবোৰ Verb ৰ past tense আৰু past participle form vowel ৰ পৰিৱর্তনৰ দ্বাৰা গঠিত হয়, নাইবা verb ৰ সম্পূর্ণ ৰূপটোৱেই সলনি হয়, সেইবােৰ Verb ক Strong Verb বােলে।
যেনে—


see -------------- saw --------------- seen


do ---------------- did ----------------- done


go ---------------- went -------------- gone.



Weak Verbs: যিবোৰ Verb ৰ past tense আৰু past participle - t, ed, d, আদিৰে গঠিত হয় নাইবা Verb ৰ ৰূপ একেই থাকে, সেইবােৰক Weak Verbs বােলে। যেনে—


play -------------- played -------------- played


bend ------------- bent ----------------- bent


hit ----------------- hit -------------------- hit


Comments

If you have any doubt, please let me know

JAds

Archive

Contact Form

Send