Prepositions In Assamese | Prepositions Rules | Appropriate Prepositions | Study Corner

 

Prepositions In Assamese | Prepositions Rules | Appropriate Prepositions | Study Corner
Prepositions in Assamese |Prepositions Rules

Question : What is preposition ?

Ans : Preposition is a word or group of words which is used before a noun or pronoun to show place, position, time or method.

   Here some most commonly used prepositions rules have been discussed with examples.



Rule- 1 'At' ৰ ব্যৱহাৰ :-
সৰু ঠাইৰ নাম, নিৰ্দিষ্ট সময়, night, day time, dawn, dusk, noon, midday, midnight, hotel, station আদিৰ আগত at বহে । যেনে-

They live at Barpeta.

Our school starts at 9:30 a.m.

I met him at the hotel.

She left the village at night.

The old man woke up at midnight.

Rule-2 'In' ৰ ব্যৱহাৰ :-
ভিতৰত বুজালে, ডাঙৰ ঠাই, দেশ-প্ৰদেশ, মাহ, বছৰ, ঋতু, চন, ৰাতিপুৱা, গধূলি আদিৰ আগত in ব্যৱহাৰ হয় । যেনে-

I am in the room now.

I was born in 1991.

She goes for a walk in the morning.

He lives in Bangladesh.

Cuckoos sing in spring.


Rule-3 'On' ৰ ব্যৱহাৰ :-
এটা বস্তু আন এটা বস্তুৰ ওপৰত স্পৰ্শ হৈ থকা বুজালে, বিষয়ে অৰ্থত, দিন বা তাৰিখৰ আগত, খোজকঢ়া অৰ্থত 'foot' ৰ আগত, জন্তুৰ পিঠিত উঠি ভ্ৰমণ কৰা অৰ্থত on ব্যৱহাৰ কৰা হয় । যেনে-

He went to market on foot.

She wrote an essay on the television.

The pen is on the table.

This boy was born on 25th February.

She didn't go to school on Monday.

The king traveled on the horse back.


Rule-4 'By' ৰ ব্যৱহাৰ :-
Passive Voice ত কৰ্তাৰ আগত, কাষত অৰ্থ বুজাবলৈ, যান-বাহনৰ দ্বাৰা ভ্ৰমণ কৰা বুজাবলৈ, কোনো নিৰ্দিষ্ট দিন বা সময়ৰ আগত বুজাবলৈ by ব্যৱহাৰ কৰা হয় । যেনে-

They will finish the work by Sunday.

He went to Guwahati by car.

Please sit by me.

The work was finished by Biju.

They traveled by train.


Rule-5 'Over' ৰ ব্যৱহাৰ :-
এটা বস্তু আন এটা বস্তুৰ ওপৰত স্পৰ্শ হৈ নথকা বুজালে over ব্যৱহাৰ কৰা হয় । যেনে-

The bird is flying over the tree.

The ceiling fan is over my head.

Rule-6 'Into' ৰ ব্যৱহাৰ :-
ভিতৰলৈ গতি কৰা বুজালে into ব্যৱহাৰ কৰা হয় । যেনে-

The cat jumped into the well.


Rule-7 'With' ৰ ব্যৱহাৰ :-
কোনো বস্তু বা যন্ত্ৰৰ সহায়ত কিবা কাম কৰা হলে তাৰ নামৰ আগত, সংগ বা লগত থকা বুজাবলৈ, কোনো বস্তুৰ দ্বাৰা বা সৈতে বুজাবলৈ, সত্বেও বুজাবলৈ with preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

He killed a tiger with a gun.

He writes with his left hand.

He went to Delhi with his father.

They helped me with some money.

The thief left the house with a lot of money.

With all her defects I support her.

I play with Ram.


Rule-8 'From' ৰ ব্যৱহাৰ :-
‘পৰা’ অৰ্থত যিকোনো ঠাই নাইবা বস্তুৰ আগত, ব্যাপ্তি (duration) বুজোৱলৈ ঠাই আৰু সময়ৰ আগত, ৰাসায়নিক পদাৰ্থৰ দ্বাৰা তৈয়াৰী বস্তুৰ পদাৰ্থৰ নামৰ আগত, ভৱিষ্যত কালৰ নিৰ্দ্দিষ্ট সময়ৰ আগত, উৎপত্তি স্থানৰ আগত ‘from’ preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

I have come from Barpeta.

He has fallen from his bicycle.

He travelled from Gawhati to Jorhat.

He worked here from morning to evening.

The poor live from hand to mouth.

He comes here from time to time.

Butter is made from milk.

He will start the work from tomorrow.

The Brahmaputra flows from the Himalayas.

In winter leavs fall from trees.


Rule-9 'To' ৰ ব্যৱহাৰ :-
গতি বুজাবলৈ ‘লৈ’ৰ অৰ্থত ঠাই আৰু প্ৰাণী উভয়ৰ আগত, ব্যাপ্তি বুজোৱলৈ ঠাই আৰু সময় উভয়ৰ মাজত, সীমাৰ বাহিৰত থকা বুজাবলৈ, ঠিক বা জ্ঞাতার্থে বুজাবলৈ, মতে বা অনুসাৰে বুজাবলৈ 'to' preposition ব্যৱহাৰ কৰিব লাগে। যেনে -

He is going to school.

He is coming to me.

The beggar moved from door to door.

He worked from 6 a.m. to 2 p.m.

He travelled from Guwhati to Jorhat.

Pakistan is to the west of India.

He is honest to the best of my knowledge.

Rana Pratap Singh was true to his word.

This curry was to my taste.

Rule-10 'For' ৰ ব্যৱহাৰ :-
সময়ৰ ব্যাপকতা বুজোৱা words- hour, week, month, year, a long time আদিৰ আগত, উদ্দেশ্য বা বাবে বুজাবলৈ, কাৰণ বা পক্ষে বুজাবলৈ, মূল্য নাইবা দাম বুজাবলৈ ‘for ' preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

I have known him for a long time.

They will come here for an hour.

My friend has been living in Sibsagar for ten years.

He jests at the beggar for pleasure.

He was rebuked for telling a lie.

I shall do it for you.

He studied hard for passing in the examination.

He bought this pen for ten rupees.


Rule-11 'Since' ৰ ব্যৱহাৰ:-
অতীতৰ কোনো নির্দ্দিষ্ট সময় বুজোৱা word বা phrase ৰ আগত Present Perfect বা Present Perfect Continuous tense ত 'since' preposition ব্যবহাৰ কৰিব লাগে। যেনে—

He has been ill since last week.

It has been raining since yesterday.

He has been living in this town since 2003.


Rule-12 'Within' ৰ ব্যৱহাৰ:-
কোনো ব্যাপক সময়ৰ মাজত/ভিতৰত কিবা কাৰ্য্য বা ঘটনা হোৱা বুজাবলৈ তাৰ আগত 'within' ব্যৱহাৰ কৰিব লাগে। যেনে—

Mr. Baruah will go to London within a month.

He came back home within ten hours.

He will finish the work within a week.


Rule-13 'Before' ৰ ব্যৱহাৰ:-
কোনো নির্দ্দিষ্ট সময়ৰ আগত কিবা কাম কৰা বুজাবলৈ, সন্মুখত থকা বুজাবলৈ, আগতে অৰ্থ প্ৰকাশ কৰিবলৈ 'before' preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

He will come back before 5 p.m.

He stood before me.

I get up from bed before dawn.

He reached home before dusk.

Rule-14 'After' ৰ ব্যৱহাৰ:-
Past Tense ত ব্যাপক সময়ৰ আগত, পিছত অৰ্থ প্ৰকাশ কৰিবলৈ, সাদৃশ্য নাইবা মিলথকা বুজাবলৈ take verb ৰ পিছত 'after' preposition ব্যৱহাৰ কৰিব লাগে । যেনে—

He left the place after a year.

He came after me.

You take after your parents.


Rule-15 'Under' ৰ ব্যৱহাৰ:-
কোনো বস্তুৰ তলত থকা বুজাবলৈ, কোনো ব্যক্তি বা কৰ্তৃপক্ষৰ অধীনত কাম কৰা বুজাবলৈ, কোনো আদেশ বা বিবেচনাৰ অধীনত থকা বুজাবলৈ, কাৰোবাৰ নেতৃত্বত বুজাবলৈ 'under' preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

They are sitting under a tree.

The students are taking rast under a tree.

He works under me.

His prayer is under consideration.

The culprits are under the custody of the police.

India become free under the leadership of M.K. Gandhi.

The cat is under the table.


Rule-16 'Over' ৰ ব্যৱহাৰ:-
সংস্পৰ্শত নথকা ওপৰত বুজাবলৈ, কোনো ব্যক্তি বা বস্তুৰ ওপৰত নিয়ন্ত্ৰণ থকা বুজাবলৈ, কোনো ব্যক্তিৰ ওপৰত প্ৰভাৱ থকা বুজাবলৈ 'over' preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

The roof is over our heads.

You have no authority over my property.

The principal must have special control over the students.

They had no influence over me.


Rule-17 'Into' ৰ ব্যৱহাৰ:-
কোনো ঠাই বা বস্তুৰ ভিতৰলৈ প্ৰৱেশ কৰা নাইবা গতি কৰা বুজাবলৈ 'into' preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

He poured milk into the jug.

The hunter went into the jungle.

Let us turn into other things now.

The passengers got into the bus.

Rule-18 'Against' ৰ ব্যৱহাৰ:-
বিৰুদ্ধে বা বিপক্ষে বুজাবলৈ, কাতি হোৱা, ঢাল খোৱা, খুন্দা খোৱা আদি অর্থ বুজাবলৈ, কিহবাৰ বাবে কিবা প্রস্তুতি লোৱা অর্থ বুজাবলৈ 'against' preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

Asoka led his army against the enemy.

I said nothing against the dowry system.

He was leaning against the wall.

The truck stroke against a tree.

Everybody should collect something against the dull season.


Rule-19 'During' ৰ ব্যৱহাৰ:-
কোনো এটা বিশেষ দৈৰ্ঘ্যতাৰ ব্যাপক সময়ৰ ভিতৰত বুজাবলৈ, জ্ঞাত থকা কোনো উৎসৱ বা ঘটনা প্রবাহৰ আগত 'during' preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

My father was born during the second world war.

Architectural wonder of India developed during the Mughal period.

Cuckoos are seen during the spring season.

We enjoy mirth and merriment during the Rangali Bihu.


Rule-20 'Of' ৰ ব্যৱহাৰ:-
• ভৌতিক পৰিবৰ্তনৰ পদাৰ্থৰ নামৰ আগত, কাৰণ, উৎস, অধিকাৰ, গুণ, বিষয়ে বা সম্পর্কে আদি বুজাবলৈ ‘of” preposition ব্যৱহাৰ কৰিব লাগে।
যেনে -

The table is made of wood.

This ring is made of gold.

The man died of cancer.

Nehru came of a rich family.

This is the property of Ram.

He is a man of high moral character.


Rule-21 'Between, Among, Amongst' ৰ ব্যৱহাৰ:-
দুটা বা দুজনৰ মাজত ‘between' আৰু দুটা বা দুজনতকৈ বেছিৰ মাজত বুজাবলৈ ‘among’ নাইবা ‘amongst' ব্যৱহাৰ কৰিব লাগে। যেনে—

He stood between Ram and Rahim.

He divided the apples among/amongst the boys.

Rule-22 'Beside, Besides' ৰ ব্যৱহাৰ:-
কাষত নাই বা ওচৰত বুজাবলৈ ‘beside' আৰু উপৰিও বুজাবলৈ ‘besides' ব্যৱহাৰ কৰিব লাগে। যেনে—

He sat beside me.

Besides Ram, Rahim also went to market.

He has two shirts besides this.


Rule-23 'Till, Until' ৰ ব্যৱহাৰ:-
সময়ৰ ব্যাপকতা বুজাবলৈ till/until preposition ব্যৱহাৰ হয়। যেনে—

I shall remain here till/until you return.

He worked from 6 a.m. till/until/to 10 a.m.

N.B. যদি বাক্যত 'from' preposition দিয়া থাকে তেন্তে till/until অৰ ঠাইত to ব্যৱহাৰ কৰিব পাৰি।


Rule-24 'Across/Along' ৰ ব্যৱহাৰ:-
পথালিকৈ গতি কৰা বুজাবলৈ ‘across' আৰু পোনেপোনে গতি কৰা বুজাবলৈ 'along' preposition ব্যৱহাৰ কৰিব লাগে। যেনে—

He swam across the river.

He walked along the road.


Rule-25 'In/Into, On/Onto' ৰ ব্যৱহাৰ:-
কোনো যান-বাহনৰ ভিতৰলৈ সোমোৱা নাইবা উঠা অৰ্থত get verb ৰ পিছত in/into নাইবা on/onto ৰ যিকোনো এটা ব্যৱহাৰ কৰিলেই হয়। কিন্তু উল্লেখ থাকিল যে কোনো জন্তুৰ পিঠিত উঠা অৰ্থত in/into ব্যৱহাৰ নহয়, কেৱল on/onto
হে ব্যৱহাৰ কৰিব লাগে। যেনে—

He got in/into/on/onto a bus.

He got on/on to an elephant.

Rule-26 'Out of/Off ব ব্যৱহাৰ:-
কোনো যান-বাহনৰ পৰা নমা অৰ্থত get verb ৰ পিছত out of নাইবা off ৰ যিকোনো এটা ব্যৱহাৰ কৰিলেই হয়। কিন্তু উল্লেখ থাকিল যে কোনো জন্তুৰ পিঠিৰ পৰা নমা অৰ্থত get verb ৰ পিছত out of ব্যৱহাৰ নহয়, কেৱল off preposition হে ব্যৱহাৰ কৰিব লাগে। যেনে—

He got out of/off a bus.

She got off a camel.


Appropriate prepositions :-


Rule-27

Die (of/from/in/by/for) :- বেমাৰত মৰিলে die of হয় । ভোক, আঘাত, অধিক খাই মৰিলে die from হয় । যুদ্ধ বা দুৰ্ঘটনাত মৰিলে die in হয় । আত্মহত্যা কৰিলে die by হয় । দেশৰ হকে মৰিলে die for হয় । যেনে -

He died of cancer/cholera/fever.

Krishna died in the accident last year.

The girl died by hanging herself.

Many people died for the country.

The labour died from hard work/hunger.


Rule-28

Deal ( in/with ) :- ব্যৱসায় কৰা অৰ্থত deal in হয় । আনহাতে, আচাৰ-ব্যৱহাৰ কৰা অৰ্থত deal with হয় । যেনে -

His father deals in grocery.

Raju deals well with his relatives.


Rule-29

Live ( on/by ) :- কোনো খাদ্য বস্তুৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা বুজালে Live on হয় । আনহাতে, জীৱিকা উপাৰ্জনৰ মাধ্যম বুজালে Live by হয় । যেনে -

Tigers live on flesh.

The beggar lives by begging.

Rule-30

Apply ( to/for ) :- কোনো ব্যক্তিলৈ আবেদন কৰা অৰ্থত Apply to হয় । আনহাতে, কোনো বস্তুৰ বাবে আবেদন কৰা অৰ্থত Apply for হয় । যেনে-

I applied to the principal.

I applied for the post of a teacher.


Rule-31

Part ( with/from ) :- ত্যাগ কৰা অৰ্থত Part with, আনহাতে, বিদায় লোৱা অৰ্থত Part from হয় । যেনে-

It is impossible to part with this job.

He parted from his friend.


Rule-32

Familiar ( with/to ) :-‌‌‌‌‌‌ জ্ঞান থকা অৰ্থত Familiar with হয় । আনহাতে, পৰিচিত অৰ্থত Familiar to হয় । যেনে-

He is not familiar with mathematics.

The man is familiar to all.


Rule-33

Angry ( with/at ) :- কোনো ব্যক্তিৰ লগত খং কৰা অৰ্থত Angry with হয়, আনহাতে ব্যক্তিয়ে কৰা কোনো কাম বা দুৰ্ব্যৱহাৰৰ সৈতে খং কৰা অৰ্থত Angry at হয় । যেনে-

The captain was angry with the players.

Mother was angry at my misconduct.

Rule-34

Annoy ( with/at ) :- কোনো ব্যক্তিৰ লগত খং কৰা অৰ্থত annoy with, আনহাতে ব্যক্তিয়ে কৰা কোনো দোষ বা ভুলৰ সৈতে খং কৰা অৰ্থত annoy at হয় । যেনে-

The teacher was annoyed with the students.

Father was annoyed at my behavior.


Rule-35

Agree ( with/to ) :- কোনো ব্যক্তিৰ লগত একমত হোৱা বা নোহোৱা অৰ্থত Agree with, আনহাতে কোনো proposal, plan, advice, suggestion আদিৰ লগত সন্মতি দিয়া বা নিদিয়া অৰ্থত Agree to হয় । যেনে-

He is agree with me on this point.

He isn't agree to my suggestion.


Rule-36

Junior, senior, superior, prefer, inferior, prior, prove, refer, pretend, opposite, peculiar, object, related, preface, subject, liable, reference, restricted, equal, access, belong, attend, applicable, attempt, due, listen, common, appoint আদি word বোৰৰ লগত To বহে । যেনে-

She is junior to me.

I prefer tea to coffee.


Rule-37

Fond, proof, guilty, dream, sure, proud, greedy, despair, boast, aware, beware, dull, afraid, accused, assured, conscious, আদি শব্দবোৰৰ লগত of হয় ।


Rule-38

Zealous, wish, wait, sorry, start, pity, ready, feel, fit, fondness, canvass, blame, appetite, anxiety, affection, apology, desire, candidate, eligible, hope আদিৰ লগত for হয়৷

Comments

If you have any doubt, please let me know

JAds

Archive

Contact Form

Send